Devottom Axom নামৰ চেনেলটোৰ জৰিয়তে আমাৰ অসমৰ এজন ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন চিকিৎসক ডা°(মেজৰ) দিপম কুমাৰ বৰ্মণে সমগ্ৰ অসম আৰু অসমীয়া ৰাইজৰ বাবে এক মিছন আৰম্ভ কৰিছে ৷ সেই মিছনৰ একমাত্ৰ লক্ষ্য হ’ল অসমৰ প্ৰতিখন গাওঁ প্ৰতিটো চুবুৰীৰ চুকে কোনে গৈ স্বাস্থ্য সম্পৰ্কে সচেতনতা বিয়পোৱা ৷ তাৰ বাবে তেখেতে YouTube ৰ লগতে আন আন চ’চিয়েল মিডিয়াটো এনেধৰণৰ সজাগতা মূলক কাম কৰি আছে ৷

Hello everyone, I am a proud Indian hailing from one of the most beautiful places on the earth; ASSAM. I am an Emergency Medicine Physician, an Indian Army veteran, a runner, a vlogger, a health educator. I welcome you to my channel. Your comments, suggestions are most welcome. Regards, Dr(Maj) Dipam Kumar Barman


Devottom Axom

আপুনিও যদি কৰিব বিচাৰিছে এই ভিডিঅ’ কেইটাত কোৱা ধৰণেৰে কৰক। তিনি মাহতে ভাল ফলাফল পাব।
১) https://youtu.be/CRKULSLtPBU?si=La6C-...
২) https://youtu.be/5u1ZORgP2ws?si=cLaTo...

9 months ago | [YT] | 108

Devottom Axom

দেউতাৰ গা ভাল নহয়। সেয়েহে ঘৰৰ সকলোৰে মনবোৰ গধুৰ হৈ আছে। সেয়েহে সদায় যি ৩০-৪০ জন মানক Facebook/ YouTube/ Instagram-ত উত্তৰ দিছিলো বা যি ২-৩ জনৰ সৈতে ফোনত কথা পাতিছিলো, সেইয়া কেইদিনমানৰ বাবে বন্ধ কৰি আছো। দায়-দোষ নধৰিব। ঈশ্বৰে সকলোকে ভালে ৰাখক। আপোনালোকে দেউতাৰ বাবে প্ৰাৰ্থনা কৰে যেন। কৃষ্ণ🙏🏻

1 year ago | [YT] | 1,473

Devottom Axom

বয়স মাত্ৰ ৪৭ বছৰ। হাতত কেনেকে দুখ পালে নিজেও নাজানে। খুব সম্ভৱ কিবাহে বিন্ধিছিল চাগে বুলি কলে। প্ৰথমতে সৰুকে কটা ঘাঁ এটুকুৰা দেখিলে। অতি সোনকালে ঘাঁটুকুৰাত infection হ’ল। ঔষধ খাইও কাম নিদিলে, কাৰণ চুগাৰ থাকে ৩৫০-৪০০। লাহে লাহে গোটেই হাতখন ফুলি উঠিল। এতিয়া শেষত গৈ দুটা আঙুলিৰ সন্মুখ ভাগৰ পৰা লাহে লাহে কলা পৰি gangrene বিয়পি পৰিছে। হয়তোবা আঙুলি কেইটা কাটি পেলাব লগাও হ’ব পাৰে। গোটেই গাৰ প্ৰচণ্ড বিষ, কপি কপি জ্বৰ উঠে, অত‍্যন্ত দূৰ্ৱল।
তলৰ কথাখিনি পঢ়ি মোক কওকচোন তেখেতৰ ভুল ক’ত হ’ল! মন দি পঢ়িব তলৰ কথাখিনি আৰু কমেণ্টত উত্তৰ দিব।🙏🏻
তেখেতৰ প্ৰায় ৩৮ বছৰ মান বয়সত ডায়েবেটিছ ধৰা পৰিছিল। অকল ঔষধ খায়ে ডায়েবেটিছ ভাল কৰিম বুলি ভাবি আছিল। চিকিৎসকৰ পৰামৰ্শ লৈ সদায় ঔষধ খাইছিল। খোৱা-বোৱাত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাছিল। পেকেট-বটলৰ বিস্কুট-কেক-ক’ল্ড ড্ৰিংকছ তথা আন আন ৰঙীন বস্তু তেখেতৰ সঙ্গী আছিল। ব‍্যায়ামৰ নামত একোৱে নাই। ভাল চাকৰি কৰে, পাছে ব‍্যস্ততাৰ বাবে সূৰ্য‍্যৰ পোহৰ গাত নপৰে বুলি কলেও ভুল নহব। ৰাতিৰ খাদ‍্য ১০-১১টাত খোৱাটো তেখেতৰ এটা নিয়ম। ৰাতিপুৱা মুখ ধুই উঠিয়েই কিবা নহয় কিবা খায়। দিনটোত ঘনে ঘনে কমকে হলেও কিবাকিবি খায় থাকে।
#diabetes #gangrene #diabeticulcer #devottom #devottomaxom #devottomfoundation

This post is intended to create awareness about Diabetes and its preventable complications!

1 year ago | [YT] | 111

Devottom Axom

এইটো বহুত ডাঙৰ ভুল ধাৰণা যে সমাজক সুস্থ-সৱল কৰি ৰাখিবলৈ কেৱল চিকিৎসক আৰু চিকিৎসালয়ৰহে প্ৰয়োজন। মুঠেও নহয়। ইয়াৰ বাবে জৰুৰী আপোনাৰ দৰে কেইজনমান সুনাগৰিকৰ, যিয়ে কেৱল উপদেশেৰে নহয় আৰ্হিৰে ৰাইজক সজাগ কৰি, একেলগে আগবাঢ়িবলৈ শিকায়। আমি দূৰ্ৱল হৈ দিলে সুযোগ চাই থকাসকলে লুটিবয়ে, সেইয়া তেওঁলোকৰ প্ৰৱণতা। পাপ-পূণ‍্য কিছুলোকে খুব বুদ্ধিৰে এৰাই চলি আছে বুলি ভাবি থাকে। অৱশ‍্যে, মোৰ মতে দোষ আমাৰহে, আমিহে নিজক অসুস্থ কৰি তাত গৈ ধৰা দিওঁ। নহয় জানো? আহকচোন ককা-আইতাৰ নিয়ম সমূহ আকৌ আকোৱালি লও। কম খাও, কিছু কষ্ট কৰো!

1 year ago | [YT] | 837

Devottom Axom

আৰম্ভ কৰিবলৈ সংকোচ বা এলাহ নকৰিব🙏🏻। লাগি থাকিলে আপুনি যে সফল হ’ব, সেইয়া ১০০%ই খাতাং!💪🏻

1 year ago | [YT] | 178

Devottom Axom

আপোনাক আপুনি নিজেই নিজক উৎসাহ যোগাব লাগিব, কাৰণ সংসাৰৰ বাকী মানুহবোৰে আপোনাক তললৈ নমাবলৈ অহৰহ চেষ্টা কৰি থাকে!

1 year ago | [YT] | 600

Devottom Axom

আপোনাক আপুনি নিজেই নিজক উৎসাহ যোগাব লাগিব, কাৰণ সংসাৰৰ বাকী মানুহবোৰে আপোনাক তললৈ নমাবলৈ অহৰহ চেষ্টা কৰি থাকে!

1 year ago | [YT] | 244

Devottom Axom

#ফেটি_লিভাৰ_ভাল_হ’ল
মই আব্দুল মতলেব ৷ দেৱোত্তম চাৰৰ ভিডিওবোৰ বহু আগৰে পৰা চাও আৰু অনুসৰণ কৰি আহিছো। মই ২০১৮ চনৰ পৰা Fatty Liver বেমাৰত ভুগি আছিলো । প্ৰথমে মই এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এজন অভিজ্ঞ চিকিৎসকৰ ওচৰ চাপো ৷ তেখেতৰ পৰামৰ্শমতে মই নিতৌ ৬ কিমি কৈ দৌঁৰা আৰম্ভ কৰিলো৷ কিন্তু এইটো বছৰৰে জুলাই মাহত মই মোৰ Ultrasound কৰি গম পালো যে মোৰ Fatty Liver বাঢ়ি ষ্টেজ-২ পাইছেগৈ৷ মই এইবাৰ আকৌ এজন চিকিৎসকৰ কাষ চাপো আৰু তেখেতৰ পৰামৰ্শমতে মই দৰৱপাতি বোৰ খোৱা আৰম্ভ কৰো৷ এইখিনি সময়তে মই তেখেতক জনাও যে মই যোৱা দুমাহৰ পৰা Intermittent Fasting কৰি আছো৷ আৰু এতিয়া আগলৈ এই Fasting কৰি থাকিব পাৰিম নেকি বুলি শোধাত তেখেতে মোক কৰিবলৈ মানা কৰিলে৷ যোৱা অক্টোবৰ মাহত মই আকৌ কিছুমান শাৰীৰিক অসুস্থতাৰ সন্মুখীন হোৱাত আন এজন চিকিৎসকৰ পৰামৰ্শমতে মই বিভিন্ন Blood test, Fibro Scan আদি পৰীক্ষাবোৰ কৰো৷ আৰু Fibro Scan ৰ ফলাফল ৩৩২/১৩.৮ আহে৷ খুব ভয় খাইছিলো৷ হয়তো মাজতে এই Intermittent Fasting কৰা বন্ধ নকৰিলে মই এইবোৰ অসুবিধাৰ সন্মুখীন নহ’লো হেতেন ৷ মই আকৌ ২৯ অক্টোবৰৰ পৰা Intermittent Fasting কৰা আৰম্ভ কৰিলো৷ আৰু মোৰ ওজন এতিয়া ৭৭ কেজিৰ পৰা ৭০ কেজি কৰিবলৈ অৰ্থাৎ ৭ কেজি কমাবলৈ সক্ষম হ’লো৷
যোৱা ২৬ ডিচেম্বৰত মই চিকিৎসকৰ পৰামৰ্শমতে আকৌ কিছুমান টেষ্ট কৰালো আৰু আচৰিত ধৰণে মোৰ সকলো ৰিপোৰ্টে নৰ্মেল আহিল। আৰু এইবোৰ সম্ভৱ হ’ল মই দেৱোত্তম চাৰৰ পৰামৰ্শমতে মই Intermittent Fasting কৰিলো৷ দৈনিক ৭ কিমি দৌঁৰা আৰম্ভ কৰিলো৷ জিমত যোৱা আৰম্ভ কৰিলো৷ লগতে আসন আৰু অন্যান্য ব্যায়ামবোৰ সময় উলিয়াই কৰা আৰম্ভ কৰিলো৷ এইবোৰ কৰাৰ ফলত মই কি কি পালো :
১) দুমাহৰ ভিতৰত মোৰ ওজন ৭৭ কেজিৰ পৰা ৬৫ কেজি হ’ল৷
২) মোৰ Fatty Liver ৰ সমস্যা নোহোৱা হ’ল৷
এই সকলোখিনিৰ বাবে মই দেৱোত্তম চাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো৷ তেখেতৰ পৰামৰ্শই মোৰ বেমাৰে নহয় মোৰ জীৱনশৈলীও সলনি কৰি দিলে৷

1 year ago | [YT] | 184

Devottom Axom

আগৰে পৰাই ধুনীয়া হাঁহিমুখীয়া, smart ব‍্যক্তিজন এতিয়া নিজৰ চেষ্টাৰ ফলত সাংঘাতিক fit হৈও পৰিল।
এইয়া শ্ৰীযুত চন্দন শৰ্মা। মই হাতিখুলী চাহ বাগানত চিকিৎসক হিচাপে কৰ্মৰত অৱস্থাত থকা অৱস্থাত এখেত সেই বাগানৰে ছিনিয়ৰ মেনেজাৰ অৰ্থাৎ মোৰ Boss আছিল। সেইকেইটা বছৰত বহু কথাই শিকিছো ছাৰৰ পৰা। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত বৰ্তমান ছাৰে নিজকে এজন সফল ব‍্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত কৰিছে।
এনেকে নিজৰ স্বাস্থ‍্যৰ সাল-সলনি কৰাৰ পাছত তেখেতে পোৱা বিভিন্ন অভিজ্ঞতা মোক জনাইছে->
1) ওজন প্ৰায় 20kg কমিল।
2) BP সম্পূৰ্ণ control হ’ল।
3) Cholesterol normal হ’ল।
4) Triglycerides normal হ’ল।
5) Stamina বহুত বাঢ়িছে।
6) মনটো বহুত ভাল লাগি থকা হ’ল।
7) যিকোনো কাপোৰ মনৰ শান্তিৰে পিন্ধিব পৰা হ’ল।

জানিব মন গৈছে নে ছাৰে নিজকে কেনেকে ইমান ধুনীয়াকে সলনি কৰিলে?

1) নিশা 7 বজাৰ আগতে একেবাৰে কম পৰিমানত আহাৰ গ্ৰহণ কৰে। তাৰ পাছত আৰু একো নাখায়।
2) ৰাতিপুৱা 8:30-ৰ পাছত দিনটোৰ প্ৰথম আহাৰ (Breakfast) খায়।
3) সদায় 3 লিটাৰ+ পানী খায়।
4) বিস্কুট/ কেক/ পিজ্জা/ চিংৰা/ পেষ্ট্ৰী ইত‍্যাদি সকলো বস্তু বাদ দিলে।
5) শীতল পনীয়/ পেকেট-বটলত থকা ফলৰ ৰস ইত‍্যাদি সম্পূৰ্ণ বাদ দিলে।
6) চেনী প্ৰায় একেবাৰে বন্ধ কৰি দিলে।
7) নিমখো বেছি নাখায়।
8 ) দুপৰীয়াৰ সাজত ভাত কম কিন্তু মাছ বা মাংস খায়।
9) সদায় যিকোনো উপায়ে/ যিকোনো সময়ত হলেও এঘণ্টাতকৈ বেছি খোজ কাঢ়ে।
10) Hard Drink নকৰে, দুমাহ মানৰ মূৰতহে কেতিয়াবা অলপ মান Beer খায়।

1 year ago | [YT] | 309

Devottom Axom

আজি আপোনাৰ গাত বল আছে, আজি আপোনাৰ কোনো বেমাৰ নাই। সদায় জানো একে থাকিব কওকচোন। সেয়েহে সময় থাকোতেই নিজৰ বাবে সদায় মাত্ৰ এঘণ্টামানকে সময় উলিয়াওক!

1 year ago | [YT] | 475